Eviction in Guwahati: বশিষ্ঠ চাৰিআলিত গুৱাহাটী পৌৰ নিগমৰ হাতোৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 26, 2023, 4:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত বৃহস্পতিবাৰে চলিল প্ৰশাসনৰ বুলড’জাৰ(Eviction in Guwahati) ৷ নীতিবৰ্হিভূতভাৱে চৰকাৰী ভূমি আৰু জলাশয়ৰ ওপৰত নিৰ্মাণ কৰা গৃহ উচ্ছেদ কৰে গুৱাহাটী পৌৰ নিগমে ৷ উল্লেখ্য যে, আগন্তুক বাৰিষাত যাতে গুৱহাটীত বানপানী নহয় তাৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে(Guwahati Municipal Corporation) ৷ সেয়েহে, বাহিনূী নৈ আৰু অন্যান্য নলা, জলাশয় আদিৰ ওপৰত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত প্ৰশাসনে চলাইছে উচ্ছেদ ৷ 

বৃহস্পতিবাৰে প্ৰশাসনে বুলড’জাৰেৰে ভাঙি পেলালে বশিষ্ঠ চাৰিআলিত অবৈধভাৱে নিৰ্মাণ কৰা এটা ক্লাৱ ৷ এটা জলাশয় পুতি নিৰ্মাণ কৰা হৈছিল GNRC নামৰ ক্লাৱটো ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন জাননী প্ৰেৰণ কৰাৰ পিচতেই গুৱাহাটী পৌৰ নিগমে চলালে উচ্ছেদ অভিযান ৷  

মন কৰিবলগীয়া যে, গুৱাহাটীৰ বিভিন্ন স্থানত জলাশয়, নলা আদি নিৰ্মাণ কৰাৰ বাবেই বাৰিষাৰ সময়তে পানী ওলাই যাব নোৱাৰাৰ ফলত কৃত্ৰিম বানত ককবকাব লগা হয় মহানগৰবাসী(Flood in Guwahati) ৷ সেয়েহে, গুৱাহাটীৰ আন আন স্থানতো এইদৰে নীতিবৰ্হিভূতভাৱে গঢ়ি তোলা গৃহ অথবা প্ৰতিষ্ঠানসমূহত বুলড’জাৰ চলিব বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰে প্ৰশাসনৰ এগৰাকী বিষয়াই ৷ 

গুৱাহাটীবাসীক কৃ্ত্ৰিম বানৰ পৰা পৰিত্ৰাণ দিবলৈ গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই ৷ গুৱাহাটী মহানগৰৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে অত্যাধুনিক ‘ছুপাৰ চাকাৰ’ নামৰ এবিধ যন্ত্ৰ আমদানি কৰা হৈছে যদিও সেয়া নিয়মিত ভাৱে নচলাৰ ফলত বাৰিষাৰ সময়ত পানীৰে উপচি পৰে গুৱাহাটী ৷ মাত্ৰ এজাক বৰষুণৰ বাবেই কৃত্ৰিম বানত বুৰ যায় গুৱাহাটী মহানগৰীৰ আভিজাত্য ৷ 

বিশেষকৈ হাতীগাঁও, বশিষ্ঠ, ৰুক্মিনীগাঁও, জু-ৰোজ, অনিল নগৰ, নবীন নগৰ, গান্ধীবস্তি, চানমাৰি আদি স্থানত হোৱা কৃত্ৰিম বানে ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ সেয়েহে, এই কৃত্ৰিম বানৰ পৰা মুক্ত পাবলৈ গুৱাহাটী পৌৰ নিগমে এক সু-পৰিকল্পনাৰে দীৰ্ঘম্যাদী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.