Guwahati literature Festival 2023: শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হ'ল গুৱাহাটী সাহিত্য মহোৎসৱ - srimanta sankardev kalakshetra

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:37 PM IST

গুৱাহাটী, 14 অক্টোবৰ : মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে গুৱাহাটী সাহিত্য মহোৎসৱ (Guwahati literature Festival) । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আজি মত বিনিময় কাৰ্যসূচী শুভ উদ্বোধন কৰে বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ৷

আজিৰে পৰা 15 অক্টোবৰলৈকে অনুষ্ঠিত হ’ব লগা গুৱাহাটী সাহিত্য মহোৎসৱত বিশিষ্ট লেখক ময়ূৰ বৰা, উপন্যাসিক ৰীতা চৌধুৰীৰ লগতে মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত মত বিনিময় কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি যুৱ প্ৰজন্মৰ মাজত সাহিত্য চর্চাৰ সন্দর্ভত ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে । 

তেওঁ কয়, ‘‘আমাৰ জ্যেষ্ঠসকলে আমাক বহুত কিবা কিবি দি গ’ল । কিন্তু আমি নৱপ্ৰজন্মই সেইসমূহ আগুৱাই লৈ যাব পাৰিছো নে নাই সেইটো চিন্তা কৰাৰ সময় হ’ল । বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাই সাহিত্যৰ প্ৰতি প্ৰত্যাহবানৰ সৃষ্টি কৰিছে ৷ সেয়ে প্ৰযুক্তিবিদ্যাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনক আগুৱাই লৈ যাবলৈ গুৱাহাটী সাহিত্য মহোৎসৱৰ (Guwahati literature Festival) দৰে অনুষ্ঠানে ৰাইজক সজাগ কৰাত সহায় কৰিব ৷’’

লগতে পঢ়ক:School Amalgamation Assam: বিদ্যালয় একত্ৰীকৰণৰ নামত শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.