Gun shot incident: নগাঁৱত গুলীচালনাৰ ঘটনা, ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:15 PM IST

thumbnail

নগাঁও, 3 নৱেম্বৰ: নগাঁৱত বৃহস্পতিবাৰৰ পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে ৷ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত কাৱৈমাৰী চেকগেটত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনাটো, য’ত গুলীবিদ্ধ হৈছে কামালউদ্দিন নামৰ এজন যুৱক ৷

জানিব পৰা মতে, দুখন মটৰ চাইকেলত অহা চাৰি দুৰ্বৃত্তই আব্দুল জলিল নামৰ এজন ব্যৱসায়ীৰ পৰা ধন লুটৰ চেষ্টা চলাইছিল ৷ কাৱৈমাৰী চেকগেটৰ কামালউদ্দিনৰ ঘৰৰ সন্মুখত ধন লুটৰ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰি দুৰ্বৃত্তক বাধা প্ৰদান কৰে কামালউদ্দিন আৰু তেওঁৰ পিতৃয়ে । পিছত চাৰি দুৰ্বৃত্তই তিনি জাঁই গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ 

দুৰ্বৃত্তৰ গুলীচালনাত ভৰিত গুলী লাগে কামালউদ্দিন নামৰ যুৱকজনৰ । হয়বৰগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিয়মমাফিক তদন্ত চলায় যদিও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ 

লগতে পঢ়ক: Electricity system in Assam : ৰঙাপৰাত মৰণফান্দ, নিৰ্বিকাৰ শক্তি বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.