thumbnail

Rangapara News: চোৰ-ডকাইতৰ পৰা সুৰক্ষা বিচাৰি আৰক্ষী থানা পালেহি একাংশ মহিলা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:37 PM IST

ৰঙাপৰা,27 আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চোৰ-ডকাইতিৰ ঘটনা ৷ প্ৰতি নিশাই বিভিন্ন স্থানত চোৰে চলাই চাফাই অভিযান ৷ আনহাতে ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ সুযোগ লৈ ৰঙাপৰা নগৰৰ বিভিন্ন স্থানত চোৰে চলাই গৈছে ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ড । ইতিমধ্যে ৰঙাপৰাৰ কেইবাটাও পৰিয়ালৰ ঘৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰি নগদ ধন, সোণৰ অলংকাৰ আৰু বহুতো মূল্যবান সামগ্ৰী লুটিছে । ইফালে গাঁওৰক্ষী বাহিনী থকাৰ পিচতো ৰঙাপৰা অঞ্চলত চুৰিকাণ্ড সংঘটিত হৈ অহাত মহিলাসকলে আশ্চৰ্য প্ৰকাশ কৰিছে । 

দেওবাৰে ৰঙাপৰাত চুৰি কাণ্ডৰ ঘটনা ৰোধ আৰু যুৱতী-মহিলাসকলৰ নিৰাপত্তা বিচাৰি ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় অঞ্চলটোৰ একাংশ সচেতন মহিলা । ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক চোৰৰ উপদ্ৰৱ ৰোধ কৰাৰ লগতে অকলশৰীয়া অৱস্থাত থকা মহিলাসকলৰ নিৰাপত্তাৰ দাবীৰে থানাত এখন এজাহাৰ দাখিল কৰে।
 

লগতে পঢ়ক:Flood in Balipara: বানত বুৰিছে শোণিতপুৰৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.