Grenade recovered:আলফাই ধনদাবী কৰা চৰাইদেউ মৰাণহাটৰ ব্যৱসায়ীৰ গৃহ চৌহদত উদ্ধাৰ গ্ৰেনেড

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:02 PM IST

thumbnail

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ মৰাণহাট বটামৰাত গ্ৰেনেড উদ্ধাৰক লৈ চাঞ্চল্য । চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বটামৰাৰ ব্যৱসায়ী তথা ঠিকাদাৰ কনক গগৈৰ ঘৰৰ চৌহদত গ্ৰেনেড পৰি থকা প্ৰত্যক্ষ কৰে কাম কৰা শ্ৰমিকে । গ্ৰেনেড পৰি থকা সময়ত কনক গগৈ ঘৰত উপস্থিত নাছিল ৷ গেটত তলা মৰা অৱস্থাত চৌহদৰ ভিতৰত গ্ৰেনেড পৰি থকাত আতংকিত হৈ পৰে প্ৰত্যক্ষদৰ্শী ৷

বিষয়টো কনক গগৈক অৱগত কৰাত কনক গগৈয়ে তৎক্ষণাত আৰক্ষীক অৱগত কৰে । ইতিমধ্যে মৰাণহাট আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেনেডটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, প্ৰায় ৫ মাহ পূৰ্বে আলফাই ব্যৱসায়ী কনক গগৈৰ পৰা ৫০ লাখ টকা ধনদাবী কৰিছিল । তেওঁ ফোনযোগে ভাবুকিও দিছিল । এই সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কনক গগৈয়ে । আলফাই ধনদাবী কৰা ব্যৱসায়ীৰ ঘৰৰ চৌহদতে গ্ৰেনেড উদ্ধাৰ হোৱাত শংকিত হৈ পৰিছে ব্যৱসায়ীজন । আৰক্ষীয়ে গ্ৰেনেড উদ্ধাৰ কৰা পাচতেই চৰাইদেউ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Hand grenade found in Tinsukia : হাপজান অ’ চি এছৰ সমীপৰ খেতুজান তিনিআলিত শক্তিশালী গ্ৰেনেড উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.