Viral call recording: ছাত্ৰীক ফোন কৰি অশালীন প্ৰেমৰ প্ৰস্তাৱ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ - Viral call recording

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 10, 2023, 9:33 PM IST

বিহপুৰীয়া, 10 আগষ্ট : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে একাদশ শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ এটা ভাইৰেল ফোন কলে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে এই ভাইৰেল ফোনকলটিৰ পিচতে সৰৱ হৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ ৷ ইয়াৰ পিচতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ দত্তক অতি শীঘ্ৰে শাস্তিমূলক বদলি কৰিব লাগে বুলি ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰে ৷ জানিব পৰামতে, দত্তই ছাত্ৰীগৰাকীক ইয়াৰ পূৰ্বেও এবাৰ ফোন কৰিছিল ৷ কিন্তু শেহতীয়াকৈ কৰা ফোন কলটোত ছাত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে অশালীন মন্তব্য প্ৰকাশ কৰিছিল দত্তই ৷ লগে লগে ছাত্ৰীগৰাকীয়ে ফোন কলটো ৰেকৰ্ড কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ 

এই ঘটনাৰ পিচতে ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালক সমগ্ৰ ঘটনা লুকুৱাবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল দিলীপ দত্তই। সংবাদ মাধ্যমৰ পৰা পলাই আজি স্বাস্থ্যজনিত কাৰণ দেখুৱাই বিদ্যালয়খনত অনুপস্থিত হৈ আছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকী । 

ইফালে বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিক সমগ্ৰ বিষয় সন্দৰ্ভত সোধাত কয় যে, দিলীপ দত্তই পৰিচালনা সমিতিৰ সভাত তামোল পাণ দি আঠু কাঢ়ি সেৱা লৈ ক্ষমা খোজাৰ লগতে ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত বিষয়টো ইমানতে নিস্পত্তি কৰা হয়। কিন্তু এই কাৰ্যটো সন্তষ্ট নহয় ছাত্ৰ সমাজ। যাৰ বাবে বিদ্যালয়খনত বৰ্তমান অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

লগতে পঢ়ক: Woman death : বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাঃ যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.