GP Singh meets MLA Sushata Borgohain: মাতৃহাৰা বিধায়ক সুশান্ত বৰগোহাঁইক সাক্ষাৎ জি পি সিঙৰ - বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃ বিয়োগ
🎬 Watch Now: Feature Video


Published : Sep 13, 2023, 6:24 PM IST
ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ : বিধায়ক সুশান্ত বৰগোহাঁইৰ চৰাইদেউ মৰাণহাটৰ ঊষাপুৰস্থিত বাসগৃহত বুধবাৰে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ লগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃ বিয়োগৰ খবৰ ল’বলৈ উপস্থিত হয় । বিগত ৬ ছেপ্টেম্বৰত বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃ ননী বৰগোহাঁই স্বৰ্গগামী হৈছিল ।
উজনি অসম ভ্ৰমণলৈ অহা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিধায়কগৰাকীৰ মাতৃ বিয়োগৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিধায়কগৰাকীৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে । উজনি অসম ভ্ৰমণত ব্যস্ত থকা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পৰা মতামত ল’বলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মতামত প্ৰদান কৰাৰ পৰা বিৰত থাকে তেওঁ ৷ বৰ্তমানে শিৱসাগৰলৈ ৰাওনা হৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ।
লগতে পঢ়ক : GP singh visits Dhemaji: আমি কেন্দ্ৰক অসমৰ পৰা AFSPA প্ৰত্যাহাৰৰ অনুৰোধ জনাইছো- জি পি সিং