thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:39 PM IST

ETV Bharat / Videos

Man Elephant conflict:বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মীৰ পৰিয়াললৈ চৰকাৰৰ সাহায্য ঘোষণা

যোৰহাট,৩০ ছেপ্টেম্বৰঃ বৃহস্পতি বাৰে নিশা তিতাবৰৰ বিজয় নগৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী অতুল কলিতাৰ পৰিয়াললৈ চৰকাৰৰ তৎকালীন ৪ লাখ টকাৰ লগতে WWFৰ যোগেদি অতিৰিক্ত ৩ লাখ টকাৰ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই ।

তিতাবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মীৰ পৰিয়ালললৈ চৰকাৰৰ এককালীন সাহায্য ঘোষণা কৰে । মৰিয়নি আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত বনকৰ্মী অতুল কলিতাৰ মৃতদেহ দকলংগীয়াস্থিত বাসগৃহলৈ অনাৰ পূৰ্বে মৰিয়নি বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, জিলা বন বিষয়া, আঞ্চলিক বন বিষয়াসহ বন কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচত এই সাহায্যৰ কথা ঘোষণা কৰে । লগতে নিহত বনকৰ্মীৰ পুত্ৰৰ সংস্থাপনৰ ক্ষেত্ৰত শীঘ্ৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক:ICC World Cup 2023 : দৰ্শকৰ আশাত চেঁচা পানী; বৰষুণৰ বাবে বিলম্ব ভাৰত–ইংলেণ্ডৰ ৱাৰ্ম আপ মেচত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.