Governor Gulab Chand Kataria: নামফাকে বৌদ্ধ বিহাৰ পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 9, 2023, 10:48 PM IST

শিৱসাগৰ, ৯ জুন: উজনি অসমৰ পৰ্যটনৰ প্ৰাণকেন্দ্ৰ তথা নামফাকে গাওঁ পৰিদৰ্শনৰ উদ্দেশ্যৰে শুকুৰবাৰে নাহৰকটীয়াত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ৷ ৰাজ্যপালগৰাকীয়ে গাওঁখনত প্ৰবেশ কৰি 1850 চনতে স্থাপিত তাইফাকে জনগোষ্ঠীয় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী বৌদ্ধ বিহাৰত সেৱা জনাই (Governor Gulab Chand Kataria visit Naharkatia) ৷

উল্লেখ্য যে ৰাজ্যপাল গৰাকীয়ে জনগোষ্ঠীটোৰ লোকাচাৰ সমূহ দেখি অভিভূত হৈ পৰাৰ লগতে তেখেতে মন্দিৰত উপস্থিত স্থানীয় লোকসকলক উদ্দেশ্যি কয় যে, এতিয়ালৈকে সাজপাৰ, খাদ্যভাসৰ লগতে যিসমূহ লোকাচাৰ, পৰম্পৰা গাঁওবাসীয়ে ধৰি ৰাখিছে; উঠি অহা প্ৰজন্মকো যাতে সেই জ্ঞান দি সেই দিশেৰে জ্যেষ্ঠ সকলে আগুৱাই নিয়ে (Namphake Buddhist Monastery and Village) ৷ লগতে তেখেতে ডিব্ৰুগড় জিলাৰ উপায়ুক্তক আৰু স্থানীয় বিধায়ক তৰংগ গগৈক গাওঁখনৰ বাবে তেওঁ কৰিব পৰা কিবা থাকিলে জনাবলৈ অনুৰোধ জনায় (Governor Gulab Chand Kataria)  ৷  

ইয়াৰ পাছতে ৰাজ্যপালগৰাকী নামৰূপস্থিত অসম পেট্ৰ’কেমিকেল লিমিটেড পৰিভ্ৰমণ কৰে ৷ প্ৰকল্পটোত শেহতীয়াকৈ উদ্বোধন কৰা 500 টিপিদি সম্প্ৰসাৰণ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই প্ৰতিষ্ঠানটোৰ উচ্চপদস্থ বিষয়া, কৰ্মচাৰী সকলৰে মত বিনিময় কৰে (Governor visit upper assam) ৷ 

লগতে পঢ়ক: Inauguration Ceremony: অসমত বিনিয়োগ হৈছে প্ৰায় ৮ হাজাৰ কোটি টকা: বিমল বড়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.