Rongali Bihu2023 : গুপ্তকাশী বিশ্বনাথঘাটত গোঁসাই ফুৰোৱা উৎসৱ পালন - Guptakashi Vishwanathghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 18, 2023, 2:17 PM IST

বিশ্বনাথ, ১৮ এপ্ৰিল : গুপ্তকাশী বিশ্বনাথঘাটত গোঁসাই ফুৰোৱা উৎসৱ পালন কৰা হয় (Rongali Bihu in Biswanath) । যোৱা ১৬ এপ্ৰিলত ৰাজ্যৰ আন ঠাইৰ লগতে বিশ্বনাথতো উখল- মাখল পৰিৱেশে বিৰাজ কৰে । আহোম যুগৰ পৰাই চলি অহা তথা গুপ্তকাশী বিশ্বনাথঘাটত পালন কৰা ৩৩৯ বছৰীয়া গোঁসাই বিহুত সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে (Guptakashi Vishwanathghat) ।

উল্লেখযোগ্য যে, ৩৩৯ বছৰীয়া পৰম্পৰা আৰু গদাধৰ সিংহৰ দিনৰ পৰা চলি অহা বিশ্বনাথ দেৱালয়ৰ গোঁসাই ফুৰোৱা উৎসৱত পুৱাৰে পৰা আৰম্ভ হয় । ১৬৮৬ চনত গদাধৰ সিংহৰ দিনৰে পৰাই চলি আহিছে এই  উৎসৱ (Gadadhar Singh)। বিশ্বনাথ দেৱালয়ৰ পৰা ৫ কিলোমিটাৰ খোজকাঢ়ি ঢোল তাল লৈ ভক্তপ্ৰান ৰাইজে কিছু সময় পানী ভৰালত ৰাখি তাৰ পাচত বিয়লি বেলা পুনৰ গোঁসাইক বিশ্বনাথ দেৱালয়লৈ আনে (Gohain Bihu Celebration at Biswanath)। এই উৎসৱত পানীভঁৰালত এখন বিশাল মেলা অনুষ্ঠিত হয় ৷ এই মেলাতেই ৰাইজে বছৰটোৰ বাবে মংগল প্ৰাৰ্থনা কৰে । 

লগতে পঢ়ক : Suicide case at Dhubri District Jail : কয়দীৰ আত্মহত্যাক লৈ ধুবুৰী কাৰাগাৰত ৰহস্যঘন পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.