আজি গোপাষ্টমী: দৰঙৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত ভক্তৰ ভিৰ - Gopashtami Festival celebration at borjhar
🎬 Watch Now: Feature Video
Published : Nov 20, 2023, 5:14 PM IST
দৰং, 20 নৱেম্বৰ : আজি গোপাষ্টমী ৷ সেয়ে পুৱাৰ ভাগত দৰং জিলাৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ প্ৰচলিত নিয়ম অনুসৰি গোপাষ্টমীৰ দিনা গাই গৰুক ঘাঁহ দিয়া কৃষ্ণ, বলোৰাম আৰু গোপ শিশুসকলক পূজা অৰ্চনা কৰা হয় ৷
দৰং জিলাৰ বৰঝাৰস্থিত বীৰেন্দ্ৰ নগৰ আশ্ৰমত 10 দিনীয়াকৈ আয়োজন কৰা হৈছে গোপাষ্টমীৰ লগতে ৰাসলীলা মহোৎসৱ ৷ ইফালে সোমবাৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় বীৰেন্দ্ৰ নগৰ আশ্ৰমত ৷ আনহাতে আশ্ৰমৰ সমীপতে থকা পকা ধাননীডৰাত ধান কটাত ব্যস্ত দেখা গ’ল ভক্তক ৷
লোকবিশ্বাস অনুসৰি, গোপাষ্টমীৰ দিনা আশ্ৰমত থকা ধান কাটি গৰুক ঘাঁহ হিচাপে দিয়াৰ লগতে যিজনে আশ্ৰমৰত কটা এমুঠি ধান ঘৰত ৰাখিব পাৰে তেন্তে তেওঁৰ ঘৰ সদায় ধন-ধানেৰে পৰিপূৰ্ণ হৈ থাকে ৷ সেয়ে পকা ধাননীডৰা কাটিবলৈ ভক্তসকলৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:বানেইকুছিত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহৰ পৰিচয় উদ্ধাৰ, ধৰ্ষণ কৰি হত্যা কৰিছিল বন্ধুৱে