Golaghat Triple Murder Case : 87 দিনৰ অন্তত গোলাঘাট ত্ৰিপল্ মাৰ্ডাৰৰ 28 পৃষ্ঠাজোৰা শ্বাৰ্জশ্বীট দাখিল - আৰক্ষী অধীক্ষক ৰাজেন সিং
🎬 Watch Now: Feature Video


Published : Oct 19, 2023, 10:00 PM IST
গোলাঘাট, ১৯ অক্টোবৰ : গোলাঘাটৰ চাঞ্চল্যকৰ ত্ৰিপল্ মাৰ্ডাৰ ঘটনাৰ আজি ৮৭ দিন পাৰ হ’ল । গোলাঘাট মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে আজি দাখিল কৰে 28 পৃষ্ঠাজোৰা চাৰ্জশ্বীট । উক্ত হত্যাকাণ্ড সন্দৰ্ভত ৪৮ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল আৰক্ষীয়ে । চাৰ্জশ্বীটৰ লগত হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰসহ মুঠ 42 টা তথ্য দাখিল কৰিছে আৰক্ষীয়ে । ৰাজ্য কঁপোৱা হত্যাকাণ্ডটোৰ তদন্তৰ বাবে গোলাঘাট আৰক্ষীয়ে 8 জনীয়া SIT গঠন কৰি দিছিল । দলটোৱে সম্পূৰ্ণ তদন্ত কৰি সকলো তথ্য দাখিল কৰিছে । উল্লেখ্য যে যোৱা 24 জুলাইত গোলাঘাট হিন্দী স্কুল ৰোডত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ডটো । নাজিবুৰ ৰহমান নামৰ মূল অভিযুক্তজনে এখন দাৰে আক্ৰমণ কৰি সংঘমিত্ৰা ঘোষ, সঞ্জীৱ ঘোষ আৰু জুনু ঘোষক হত্যা কৰিছিল । উক্ত হত্যাকাণ্ড সন্দৰ্ভত নাজিবুৰ ৰহমান, নাজিবুৰৰ ভাতৃ হিজবুৰ ৰহমান আৰু মাতৃ চালেহা বেগমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।
লগতে পঢ়ক: Golaghat Triple Murder update : নাজিবুৰৰ ভাতৃ হাজিবুলক গ্ৰেপ্তাৰ