HSLC exam results 2023: সাৰংগণা আৰু পাৰ্থ প্ৰতীমে সুনাম আনিলে গহপুৰলৈ - Sarangana Bhuyan got 8th position in HSLC
🎬 Watch Now: Feature Video
বিশ্বনাথ, ২২ মে': সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি ৰ'ল গহপুৰৰ দুখনকৈ বিদ্যালয় (HSLC exam results 2023) । গহপুৰৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী উজলিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত । দুয়ো অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে গহপুৰলৈ । গহপুৰ টাউন স্কুলৰ সাৰংগণা ভূঞা আৰু মৰ্নিং ষ্টাৰ হাইস্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতীম ভূঞাই লাভ কৰে অষ্টম স্থান (Sarangana Bhuyan got 8th position in HSLC) ।
ইয়াৰপাছতে মৰ্নিং ষ্টাৰ হাইস্কুলত বিৰাজ কৰে এক উদুলি-মুদুলি পৰিৱেশৰ (Gohpur students secured position in HSLC) । ঢোলে-দগৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় (Partha Pratima Bhuyan got 8th position in HSLC) ।
লগতে পঢ়ক: HSLC exam results 2023 : দশন স্থানত উজলিল মৰাণৰ ৰিতুৰাজ বৰকটকী
TAGGED:
HSLC exam results 2023