thumbnail

Durga Idol Immersion 2023: গাই নদীত বিসৰ্জন দিয়া হ’ল দেৱীৰ মৃন্ময় মূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 8:12 AM IST

জোনাই, 24 অক্টোবৰ: মঙলবাৰে বিজয়া দশমী উপলক্ষে ধেমাজি জিলাৰ জোনাইত দেখিবলৈ পোৱা যায় উছাহ-উদ্দীপনা । চিলাপথাৰৰ গাই নদীত মঙলবাৰে বিসৰ্জন দিয়া হ'ল দেৱী মাৰ মৃন্ময় মূৰ্তি । তিনিদিনীয়া কাৰ্যসূচীৰে পূজা উদযাপন কৰাৰ পিছত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে ৰাইজে নদীত বিসৰ্জন দিয়ে দেৱী দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ প্ৰতিমাসমূহ । 

চিলাপথাৰ অঞ্চলৰ বিভিন্ন স্থানত অনুষ্ঠিত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে গাই নদীত সমবেত হ'ল অজস্ৰ লোক । ঢাক -ঢোল আৰু  আৰতি, নৃত্য-গীতৰে মুখৰিত হৈ পৰে গাই নদীৰ আকাশ-বতাহ । দেৱী মাৰ চৰণত অন্তিমবাৰ প্ৰণাম জনাই অনাগত দিনত সুখ-শান্তি আৰু প্ৰগতিৰ বাবে দেৱীৰ ওচৰত আশীৰ্বাদ বিচাৰে ভক্তই । শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে বিসৰ্জন পৰ্ব সামৰণি পৰে জোনাইৰ গাই নদীত ।

লগতে পঢ়ক : Road Accident at Dhekiajuli : দুৰ্গা দেৱীক লৈ যোৱা গাড়ীৰ খুন্দাত নিহত কণমানি নাতি আৰু আইতাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.