Death due to drowning:সমনীয়াৰ সৈতে ঘাটলৈ গা ধুবলৈ গৈ ঘূৰি নাহিল আফটাব, তিনিদিনৰ পিচত উদ্ধাৰ মৃতদেহ

By

Published : Jun 28, 2023, 7:50 PM IST

thumbnail

গোৱালপাৰা, 28 জুন : গোৱালপাৰাৰ জলেশ্বৰত উদ্ধাৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ আফটাব হুছেইনৰ মৃতদেহ । ২৫ জুনত গোৱালপাৰাৰ ময়লাপথাৰৰ ডেকধোৱা নদীৰ ঘাটত চাৰি বন্ধু গা ধুবলৈ গৈ সন্ধানহীন হৈছিল । দৈবক্ৰমে প্ৰাণৰক্ষা পৰিছিল বাকী তিনি বন্ধুৰ । কিন্তু ভাগ্য সু-প্ৰসন্ন নাছিল এজনৰ ৷ নাম আফটাব হুছেইন ৷ আফটাব হুছেইনৰ ঘৰ গোৱালপাৰা চহৰৰ ময়লাপথাৰৰ আজাদ নগৰত। আফটাব গোৱালপাৰাৰ গেলেক্সি একাডেমিৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ।

ছাত্ৰজন নিৰুদ্ধেশ হোৱাৰ পিচৰে পৰা আৰক্ষী আৰু SDRF বাহিনীয়ে ডেকধোৱা নদীৰ ঘাটত উদ্ধাৰ অভিযান চলাই আহিছিল । আজি হঠাৎ জলেশ্বৰ ফেৰি ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ওপঙি থকা মৃতদেহটো উটি গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জলেশ্বৰ আৰক্ষীক খবৰ দিয়ে । পিচলৈ স্থানীয় ৰাইজৰ সহযোগত জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞজিত দাসে মৃতদেহটো উদ্ধাৰ কৰি জলেশ্বৰ আৰক্ষী চকীলৈ লৈ আনে । খবৰ পাই আফটাবৰ পৰিয়ালৰ লোকে আফটাবৰ মৃতদেহ চিনাক্ত কৰে । আফটাবৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে জলেশ্বৰ আৰক্ষীয়ে । প্ৰতিভাবান ছাত্ৰজনৰ অকাল বিয়োগত জলেশ্বৰৰ লগতে ময়লাপথাৰত গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : Theft case in Majuli : কাপোৰৰ দোকানত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.