thumbnail

Goalpara ASI Arrested: গোৱালপাৰাত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:21 PM IST

গোৱালপাৰা, 28 অক্টোবৰ : দুৰ্নীতি নিবাৰাক শাখাৰ জালত খোদ আৰক্ষী বিষয়া । গোৱালপাৰাতত ২৫০০ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ এ এছ আই আহমেদ আলী । যোৱা নিশা দুনীতি নিাবৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এ এছ আই আহমেদ আলীক । জানিব পৰা মতে, ২২ অক্টোবৰত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তেলিপাৰাত ফাইজৰ ৰহমান নামৰ লোকজনৰ নিজৰ পুত্ৰ আওলাদ হুছেইনৰ সতে পাৰিবাৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত পিতৃ ফাইজৰ ৰহমানে আওলাদ হুছেইনৰ বিৰুদ্ধে ধূপধৰা আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত ধূপধৰা আৰক্ষীয়ে আওলাদ আলীক ২৩ অক্টোবৰত ঘৰৰ পৰা আটক কৰি থানালৈ লৈ আনে । পাচত ২৪ অক্টোবৰত তেলিপাৰৰ স্থানীয় ৰাইজে ধুপধৰা থানালৈ আহি পাৰিবাৰিক কন্দল মীমাংসা কৰিবলৈ ফাইজৰ ৰহমানক বুজনি দিয়াত ফাইজৰ ৰহমানে পুত্ৰৰ নামত দিয়া গোচৰ উঠাই লয় আৰু পিতা-পুত্ৰৰ মাজত কাজিয়া মীমাংসা কৰি দিয়ে । কিন্তু এই পিতা পুত্ৰৰ মাজত মীমাংসা কৰি দিয়াৰ নামত ধূপধৰা আৰক্ষী থানাৰ এ এছ আই আহমেদ আলীয়ে আওলাদ হুছেইনৰ পৰা পাঁচ হাজাৰ টকা উৎকোচ বিছাৰে । পাঁচ হাজাৰ টকাৰ সলনি তিনি হাজাৰ টকা দিয়া হ’ব বুলি আহমেদ আলী আৰু আওলাদ হুছেইনৰ মাজত চুক্তি হয় । কথা অনুসৰি শুকুৰবাৰে সন্ধিয়া ৮.৩০ বজাত ধূপধৰা থানাৰ পৰা প্ৰায় কিছু নিলগত থকা গেলামালৰ দোকানত আহমেদ আলীক আওলাদ হুছেইনে তিনি হাজাৰ টকাৰ ২৫০০ টকা দিয়ে । পূৰ্বতে খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দল এটাই এ এছ আই আহমেদ আলীক ২৫০০ টকা লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: Youth commits suicide: আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.