Electrocuted to Death at Kaliabor: বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু - বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু
🎬 Watch Now: Feature Video

কলিয়াবৰ, ১৫ জুন:নগাঁও জিলাৰ কলিয়াবৰত অঘটন । জিলাখনৰ কলিয়াবৰ অঞ্চলত মিছা ডিজুবস্তিত বৃহস্পতিবাৰে বিদ্যুৎস্পৃষ্ট হৈ ১২ বছৰীয়া কিশোৰীৰ মৃত্যু হয় । পথৰ কাষতে চিগি পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ । ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় কিশোৰীগৰাকীৰ ।
নিহত কিশোৰীগৰাকীৰ নাম জোনালী ভূমিজ । কলিয়াবৰৰ মিছা সেনা শিবিৰৰ দ্বিতীয় প্ৰৱেশ পথৰ সমীপতে এই ঘটনাটো সংঘটিত হয় । অসম বিদ্যুৎ বিতৰণ নিগমৰ গাফিলতিৰ বাবে কিশোৰীগৰাকীয়ে এনেদৰে শোকাবহ মৃত্য সাৱটি ল'ব হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।