Gibbon fest 2023: 12 ফেব্ৰুৱাৰীত এদিনীয়াকৈ অনুষ্ঠিত হ’ব গিবন মহোৎসৱ 2023 - Gibbon fest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17659497-thumbnail-4x3-gibbon.jpg)
যোৰহাট, 2 ফেব্ৰুৱাৰী: 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘গিবন মহোৎসৱ 2023’(Gibbon fest 2023) ৷ এক সংবাদমেলযোগে শুকুৰবাৰে এই কথা ঘোষণা কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ গিবন অভয়াৰণ্য(Gibbon Wildlife Sanctuary) কিহৰ বাবে বিখ্যাত আৰু ইয়াৰ ইতিবৃত্ত ৰাজ্যবাসী আৰু দেশবাসীৰ আগত দাঙি ধৰাৰ প্ৰয়াসেৰে এই মহোৎসৱ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে(MLA Rupjyoti Kurmi) ৷
মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল(Gibbon evergreen forest) । 1979 চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয় । 1881 চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল । পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে । 19শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে গছৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰও বৃদ্ধি পায়(Biodiversity in Gibbon Wildlife Sanctuary) । হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় ৷
উল্লেখ্য যে, বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহক লৈ ৰাজ্য চৰকাৰে বিভিন্ন মহোৎসৱ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে যদিও গিবনৰ বাবে কোনো কাৰ্য হাতত লোৱা নাছিল ৷ সেয়েহে, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সভাপতিত্ব অহা 12 ফেব্ৰুৱাৰীত এদিনীয়াকৈ মৰিয়নি দিহিঙীয়াপাৰত গিবন মহোৎসৱ(Gibbon fest) আয়োজন কৰা পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰাৰ হৈছে ।
মহোৎসৱৰ দিনা পুৱা মাৰাথন দৌৰেৰে আৰম্ভণি কৰিবলগীয়া কায্যসূচীত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিয়ত বহু লোকক আমন্ত্ৰণ কৰা হ'ব ৷ আনহাতে, আগন্তুক বৰ্ষৰ পৰা 24 অক্টোবৰত প্ৰতি বছৰে গিবন মহোৎসৱ আয়োজন কৰাৰ কথা সংবাদমেলত ঘোষণা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা গিবন মহোৎসৱৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পটোৱাৰীৰ একান্ত সহযোগিতা কামনা কৰিছে মহোৎসৱখনৰ সভাপতি তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
এই গিবন মহোৎসৱে গিবনৰ ইতিবৃত্ত আৰু কিহৰ বাবে বিখ্যাত সকলোবোৰ দেশবাসী আৰু ৰাজ্যবাসীৰ আগত দাঙি ধৰাৰ লগে লগে গিবনলৈ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা পূৰ্বতকৈ অধিক বৃদ্ধি হ'ব বুলি প্ৰকৃতিপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: Asom Sahitya Sabha conference: ময়ুৰপংখী ৰথেৰে আদৰি অনা হ’ল নৱ-নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাক