German tourists at Dhing: নগাঁৱৰ ধিঙত বাঁহ শিল্পীৰ বাসগৃহত জাৰ্মেনীৰ দুই পৰ্যটক - ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16790188-thumbnail-3x2-ujhd.jpg)
এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা বাহঁ শিল্পী ভৰত জ্যোতি দেৱনাথৰ ধিং বেটকাটি বালিগাঁওস্থিত বাসগৃহত দেওবাৰে সন্ধিয়া উপস্থিত হয় সুদুৰ জাৰ্মানীৰ দুই পৰ্যটক (German tourists at Dhing) ৷ ভৰত জ্যোতি দেৱনাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বাঁহৰ কাপ, প্লেট, ট্ৰে, ফ্লাক্স, সত্ৰীয়া নৃত্যৰ পোছাক, ফুলি, জাকৈ, খালৈ, কানফুলি, ডুকডুগী, মহৰ শিঙৰ পেপা, গগনা আৰু খুটুলা আদি বিভিন্ন বাঁহৰ শিল্প সামগ্ৰী দেখি অভিভূত হৈ পৰে দুই পৰ্যটক (Bamboo artist Bharat Jyoti Devnath) ৷ কেৱল সেয়াই নহয় দুয়োগৰাকী পৰ্যটকে বজালে পেপা আৰু গগনা ৷ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু কৃষ্টিৰাজিৰ বিষয়ে মনপুতি শুনিলে ৷ পৰ্যটক দুগৰাকী মুহিত হ’ল ভৰত জ্যোতি দেৱনাথৰ সৃষ্টিৰাজিক লৈ ৷
Last Updated : Feb 3, 2023, 8:30 PM IST