Biswanath College: বিশ্বনাথ মহাবিদ্যালয়ত আছুৰ বিজয়ধ্বজা - বিশ্বনাথ মহাবিদ্যালয়ত আছুৰ বিজয়ধ্বজা
🎬 Watch Now: Feature Video


Published : Oct 8, 2023, 8:31 AM IST
বিশ্বনাথ,৭ অক্টোবৰ: বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ আধিপত্য । সাধাৰণ সম্পাদককে ধৰি ১০ টাকৈ পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ সফলতা ৷ সাধাৰণ সম্পাদক হিচাপে আছু সমৰ্থিত প্ৰাৰ্থী ৰক্তিম মেধিয়ে জয়লাভ কৰে । আনহাতে সভাপতিৰ পদত এ বি ভি পি সমৰ্থিত কৰণ আচাৰ্যই জয়লাভ কৰে । ইফালে এবিভিপি সমৰ্থিত আকাশ দীপ বৰাই উপ সভাপতি পদত জয়লাভ কৰে ।
লগতে সহকাৰী সম্পাদক পদত মানস প্ৰতিম ৰাভা, আলোচনী সম্পাদক পদত হিমাংশু শইকীয়া, ক্রীড়া বিভাগৰ সম্পাদকৰ পদত ৰূপেশ তেৰাং, সংগীত আৰু সুকুমাৰ কলাৰ সম্পাদক পদত দীপলু হাজৰিকা, উৎসৱ আৰু সমাজ সেৱাৰ সম্পাদক পদত চিন্ময় বৰা, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত বিশাল কানু, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত সুজাতা টামাং, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত ঋষি বাঢ়ৈ, তৰ্ক সম্পাদকৰ পদত মন্দিপ দাস, লঘু ক্ৰীড়া সম্পাদকৰ পদত কুন্দন উপাধ্যায় নিৰ্বাচিত হৈছে ।
লগতে পঢ়ক: Ek Asom Yatra in Tinsukia :17 দিনৰ অন্তত পূৱ প্ৰান্তৰ অন্তিমখন জিলাত উপস্থিত হ’ল এক অসম যাত্ৰা