thumbnail

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:34 AM IST

ETV Bharat / Videos

Artificial flood: কৃত্ৰিম বানত বুৰিল গীতানগৰ থানা

গুৱাহাটী,৩০ ছেপ্টেম্বৰ: স্মাৰ্ট চিটিৰ প্ৰকৃত ছবিখন দাঙি ধৰিলে এইবাৰ গীতা নগৰ থানাই । এজাক বৰষুণতে জলমগ্ন হৈ থানাখনৰ ভিতৰত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ ৷ থানাখনৰ আৰক্ষী জোৱানসকলে হাতে হাতে বাল্টি, মগ, চৰীয়া লৈ সিঁচিবলৈ বাধ্য হয় বৰষুণৰ পানী । যেন থানাৰ ভিতৰ নহয়, বাৰিষাৰ এখন পথাৰহে । মন কৰিবলগীয়া কথা এই যে, ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ উদ্দেশ্যে মৈত্ৰী আঁচনিকে ধৰি কেইবাখনো আঁচনিৰ ৰূপায়ন কৰিছে যদিও মহানগৰীৰ একাংশ থানাৰ দুৰৱস্থাই আধুনিকীকৰণৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।  

ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ নিলগৰ গীতা নগৰ থানাৰ কদৰ্যময় পৰিৱেশ দেখিলে আপোনাৰো চকু কঁপালত উঠিব । শনিবাৰে অহা এজাক বৰষুণতে থানাখনৰ চৌদিশে কৃত্ৰিম বানৰ সৃষ্টি হয় । এনে অবৰ্ণনীয় পৰিস্থিতিৰ মাজতে থানাখনৰ ভিতৰত একাঠু পৰ্যন্ত পানীত কৰ্তব্য সম্পাদন কৰিবলগীয়া হয় থানাখনৰ বিষয়া-জোৱানে । ইফালে কৃত্ৰিম বানৰ ফলত থানাখনত প্ৰয়োজনীয় নথিপত্ৰ নষ্ট হয় বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Govt schools in assam : ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ পদটো নাইকিয়া কৰাৰ দাবী অসমীয়া যুৱ মঞ্চৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.