কঠিয়াতলীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই যুৱক গ্ৰেপ্তাৰ - কঠিয়াতলীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই যুৱক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16362156-600-16362156-1663075300416.jpg)
ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ এনে কঠোৰ অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সেয়েহে নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে নগাঁৱৰ কঠিয়াতলীত । ইয়াৰ মাজতেই বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Ganja seized in Kathiyatali)। আৰক্ষীয়ে গোপন সূত্ৰ আৰু স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰে ৫০ কেজি গাঞ্জা । ধৃত যুৱক দুজন ৰহা মণিপুৰটোপৰ চৰিফুল হক আৰু মুচাৰুফ আলী ৷ ডিমাপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । এখন ই-ৰিক্সাৰে লৈ যোৱা অৱস্থাত স্থানীয় লোকে গাঞ্জাখিনি জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।
Last Updated : Feb 3, 2023, 8:27 PM IST