Crime in Karimganj: চুৰাইবাৰীত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Ganja paddler arrested in Karimganj

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 14, 2023, 10:08 AM IST

কৰিমগঞ্জ, ১৪মে': চুৰাইবাৰী আৰক্ষীৰ বৃহৎ সফলতা । বৃহৎ পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে (Ganja seized in Churaibari)। এইবাৰ যাত্ৰীবাহী বাছৰ পৰা গাঞ্জা উদ্ধাৰ হৈছে । চুৰাইবাৰী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত গাঞ্জাসহ এই সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Ganja paddler arrested in Karimganj)।

শনিবাৰে আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী নাইট ছুপাৰ বাছ এখনত আৰক্ষীয়ে অভিযান চলাই ৰাকেশ চাহু নামৰ  যাত্ৰীজনক গ্ৰেপ্তাৰ কৰে । তালাচী চলোৱাৰ অন্তত আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা ১৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।  

অভিযুক্ত ৰাকেশ চাহুৰ ঘৰ বিহাৰত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটোৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে (NDPS Act) । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ধৃত সৰবৰাহকাৰীটোৱে গাঞ্জাখিনি আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ বাবে অনাৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক:Stalin Congratulates Congress : কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ বাবে কংগ্ৰেছক অভিনন্দন ষ্টেলিনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.