Gang rape: ৬ লম্পটৰ কামনাৰ বলি নাবালিকা - Gang rape
🎬 Watch Now: Feature Video

কৰিমগঞ্জ জিলাৰ ৰাতাবাড়িৰ ৰামকৃষ্ণনগৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড । ৬ লম্পট কিশোৰৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা(Gang rape in Karimganj) । ৰামকৃষ্ণনগৰ চহৰৰ সমীপত থকা কালিনগৰ চাহ বাগিচাত সংঘটিত হৈছে এই দলবদ্ধ ধৰ্ষণৰ ঘটনা । ঘৰত অভিভাৱক নথকাৰ সুযোগ লৈ একে গাঁৱৰে ছয়জন কিশোৰে নাবালিকা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা সন্দৰ্ভত অভিযুক্ত আটাইকেইটা কিশোৰক ৰামকৃষ্ণনগৰ আৰক্ষীয়ে আটক কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰায়(Six juveniles arrested for rape) । পিছত অভিযুক্ত কিশোৰ কেইটাক শিলচৰত থকা Juvenile Treatment Center লৈ প্ৰেৰণ কৰে । ইফালে ভুক্তভোগী নাবালিকাগৰাকীক কৰিমগঞ্জৰ এটি নাৰী কল্যান কেন্দ্ৰত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST