Ganesh Chaturthi 2023 : সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত নলবাৰী, মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম - ganesh chaturthi celebrated in Nalbarai
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 5:00 PM IST
নলবাৰী, 19 ছেপ্টেম্বৰ : আজি শ্ৰী শ্ৰী গণেশ চতুৰ্থী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ শ্ৰীশ্ৰী বাবা গণেশ ধামতো গণেশ চতুৰ্থী পালন কৰা হয় । নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ'কত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগনত গণেশ চতুৰ্থী পূজা পালন কৰা হয় ।
পুৱাৰে পৰা কেইবা হাজাৰ ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজ্জ্বলন কৰি মনৰ শান্তি আৰু বিশ্ব শান্তিৰ বাবে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় । নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত প্ৰাৰ্থনা জনালে মনৰ কামনা পূৰণ হয় বুলি লোকবিশ্বাস আছে । সেয়েহে শ্ৰী শ্ৰী গণেশ মন্দিৰত পুৱাৰ পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । ভক্তসকলে চাকি বন্তি জ্বলাই বাবা গণেশৰ শ্ৰীচৰণত সেৱা লোৱাৰ লগতে সকলোৰে সৰ্বমংগলৰ অৰ্থে প্ৰাৰ্থনা জনায় ।
লগতে পঢ়ক:Vishwakarma Puja 2023: বিশ্বকৰ্মা পূজাৰ মন্ত্ৰোচাৰণৰে মুখৰিত নলবাৰী