Gambling game in Nagaon: জুৰীয়াৰ শালপাৰাত আটক পাঁচ কুখ্যাত জুৱাৰী - Crime in Nagaon
🎬 Watch Now: Feature Video


Published : Oct 28, 2023, 10:59 PM IST
চামগুৰি,২৮ অক্টোবৰঃ নগাঁও জিলাৰ জুৱাৰ বিৰুদ্ধে পুনৰ অভিযান জুৰীয়া আৰক্ষীৰ । জুৰীয়া থানাৰ আৰক্ষীৰ অভিযানত পুনৰ জুৰীয়াৰ শালপাৰাৰ পৰা আটক পাঁচটাকৈ কুখ্যাত জুৱাৰী । পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাতে হাতে-লোটে আটক কৰিবলৈ সক্ষম হোৱা জুৱাৰীৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা সামগ্ৰী, পাঁচটা ম'বাইল ফোন আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে ।
জিলাখনৰ জুৰীয়া থানাৰ আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ শালপাৰাত চলোৱা এই অভিযানত ছহিদুল ইছলাম, আবু বক্কৰ ছিদ্দিক, নুৰুল হুছেইন, মাইনুল ইছলাম আৰু ছফিকুল ইছলাম নামৰ জুৱাৰী পাঁচটাক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ধৃত জুৱাৰী কেইটাক সোধা পোচা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে ।
লগতে পঢ়ক:Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ