thumbnail

Crime in Nagaon:ধিঙত কুখ্যাত মাফিয়াসহ গ্ৰেপ্তাৰ ৫ তীৰৰ বুকি

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:25 PM IST

নগাঁও, ৮ অক্টোবৰ: ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ থকা নগাঁও আৰক্ষী তীৰ মাফিয়াৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান । নগাঁৱৰ কেইবাটাও কুখ্যাত তীৰ মাফিয়াক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিচত গাঁৱে ভূঞে চলাই থকা তীৰ বুকিৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে নগাঁৱৰ আৰক্ষী । এইবাৰ নগাঁৱৰ ধিঙতো অভিযান চলাই কুখ্যাত তীৰ মাফিয়াসহ ৫ তীৰৰ বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধিং আৰক্ষী।

ধৃত কুখ্যাত তীৰ মাফিয়া কেইটা হৈছে পৰিমল কুণ্ডুৰ লগতে চয়েদ চফিকুল আহমেদ, দিলদাৰ হুছেইন, আব্দুল আজিদ আৰু আজাহুৰুল ইছলাম । আটাইকেইটাক ধিঙৰ ধৃপগুৰিৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে । ধৃত তীৰ বুকিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তীৰ খেলৰ বহু নথিপত্ৰৰ লগতে নগদ ২৬,০০০টকা ।  

উল্লেখযোগ্য যে কুখ্যাত তীৰ মাফিয়া পৰিমল কুণ্ডুৰ নগাঁৱৰ এটা কুখ্যাত তীৰ মাফিয়া সৈতে জড়িত থকাৰ লগতে, এওঁলোকে ধিঙৰ লগতে বৃহত্তৰ ধিং অঞ্চলত তীৰৰ বৃহৎ জাল মেলি যুৱ প্ৰজন্মক ধ্বংস গৰাহত দিছে । লগতে অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । 

লগতে পঢ়ক:Tense situation in Tingkhang: কিশোৰৰ ৰহস্যজনক মৃত্যুক লৈ টিংখাঙত উত্তেজনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.