thumbnail

G20 Summit 2023 in Dibrugarh: দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ মনোহাৰী টী ৰিট্ৰিটত G20 সন্মিলন

By

Published : Mar 24, 2023, 1:21 PM IST

ডিব্ৰুগড়, 24 মাৰ্চ : আজিৰে পৰা চাহ নগৰী ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আন্তৰাষ্ট্ৰীয় G20 সন্মিলন (G20 summit at Dibrugarh Manohari Tea Retreat) । বিশ্বৰ ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই সন্মিলনখনত । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আয়োজন কৰা দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ২০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপৰি ৯ খন ৰাষ্ট্ৰই নিমন্ত্ৰিত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছে ।

মনোহাৰী টী ৰিট্ৰিটত অনুষ্ঠিত (Dibrugarh Manohari Tea Retreat) সন্মিলনখনত বিষয় হিচাপে বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধি, অৰ্থনৈতিক, কৃষি খণ্ডলৈ অহা প্ৰত্যাহ্বানৰ সম্ভাৱনা আৰু উদ্যোগৰ ক্ষেত্ৰক কাৰ্বন মুক্ত কেনেকৈ কৰিব পাৰি ৷ এই বি৷য়কেইটাৰ ওপৰত অধিক গুৰুত্ব সহকাৰে সভাত আলোচনা কৰা হৈছে । বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় বিমান বন্দৰত জি-২০ ৰ প্ৰতিনিধি‌ সকল উপস্থিত হোৱাৰ পাছতে সকলোকে উষ্ম আদৰণি জনাই জিলা প্ৰশাসনে । জনগোষ্ঠীয় নৃত্য তথা অসমৰ কৃষ্টি বিহু নৃত্য নাচি ঢোলে-দগৰে জিলা প্ৰশাসনে আদৰণি জনালে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলক ।

ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰতিনিধিসকলে বৃহস্পতিবাৰে বিয়লিৰ ভাগত ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচা পৰিভ্ৰমণ কৰাৰ লগতে ফেক্টৰী সমূহত কেনেকৈ চাহ প্ৰস্তুত কৰে সেইয়া তন্ন তন্নকৈ নিৰীক্ষণ কৰে (G20 Summit Dibrugarh) । আজি অনুষ্ঠিত সন্মিলনখন শেষ হোৱাৰ পিছতেই ডিব্ৰুগড়ত বহু কেইটা পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক : Deer rescued from dog attack: এজন প্ৰকৃতি প্ৰেমীৰ তৎপৰতাত কুকুৰৰ জাকৰ পৰা উদ্ধাৰ এটা হৰিণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.