thumbnail

Fury against Minister Atul Bora:অগপ সভাপতি তথা কৃষি মন্ত্ৰীৰ বিৰুদ্ধে ৰাইজ বিষেদগাৰ

By

Published : Jun 9, 2023, 6:24 PM IST

যোৰহাট, 9 জুন : অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ লগত সংঘটিত হোৱা ঘটনাৰ বৰ্তমানেও শাম কটা নাই । তাৎপৰ্যপূৰ্ণ যে বুধবাৰে নিজা সমষ্টিৰ অন্তৰ্গত দুসূতীমুখ পঞ্চায়তৰ এটা পথৰ শিলান্যাস কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছিল অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা । ইয়াৰ পিচতেই চৰকাৰৰ উন্নয়ত কামত বাধা দিয়াৰ অভিযোগ তুলি ৮ জনকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তেওঁ ৷ গোচৰ ৰুজু হোৱাৰ পিচত তেওঁলোকক দেৰগাঁও থানালৈ আৰক্ষীয়ে মাতি পঠায় (Dergaon police station) ৷

তাৰ পৰিপ্ৰেক্ষিততেই আজি দুসূতীমুখ অঞ্চলৰ প্ৰায় দুই শতাধিক লোকে উক্ত গোচৰ প্ৰত্যাহাৰৰ দাবীত দেৰগাঁও থানাৰ চৌহদত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Fury against Minister Atul Bora) । উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে অঞ্চলটোৰ শোচনীয় হৈ থকা মূল পথটো নিৰ্মাণৰ বাবে ২০২১ চনতে আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আধাৰশিলা স্থাপন কৰাৰ পিচতো কোনো কাম নকৰি কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত এটা সৰু পথ পুনৰ নিৰ্মাণৰ ব্যৱস্থ্যা গ্ৰহণ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পূৰ্বতে আধাৰশিলা স্থাপন কৰা পথটো নিৰ্মাণ নকৰি পুনৰ এটা নতুন পথৰ আধাৰশিলা স্থাপন কৰি কেৱল মাত্ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপিত কৰি আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলবাসী ৰাইজে আৰু উক্ত অঞ্চলত প্ৰৱেশত বাধা প্ৰদানৰ হুংকাৰ দিছে মন্ত্ৰীগৰাকীক ।

লগতে পঢ়ক : PM Jan Arogya Yojana: হাফলঙত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.