শুভ্ৰ বৰফৰ আৱৰণত নিতি ভেলী - শুভ্ৰ বৰফৰ আৱৰণত নিতি ভেলী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:14 PM IST

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : উত্তৰাখণ্ডত প্ৰতিদিনে প্ৰকৃতিয়ে ৰূপ সলাইছে । চামোলি জিলাৰ সীমান্ত অঞ্চলত এতিয়া বৰফৰ আচ্ছাদন দেখা গৈছে । নিতি ভেলীত সোমবাৰে পুৱাৰে পৰা তুষাৰপাত হোৱা দেখা গৈছে । তাৰ পাছতে সমগ্ৰ অঞ্চলটো বৰফময় হৈ পৰিছে । তুষাৰপাতৰ পাছত খেতিয়ক আৰু পৰ্যটন ব্যৱসায়ীসকলৰো মুখত হাঁহি দেখা গৈছে । পৰ্যটকসকলেও প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি আনন্দিত হৈ পৰিছে । উল্লেখ্য যে সোমবাৰে পুৱাৰে পৰা যোশীমঠ আৰু চামোলী জিলাৰ আকাশ ডাৱৰীয়া হৈ আছিল । যাৰ পিচত সীমান্ত অঞ্চলৰ নিতি ভেলীত যথেষ্ট তুষাৰপাত হোৱা দেখা গৈছে । তুষাৰপাতৰ পিচত অঞ্চলটোত তাপমাত্ৰাও যথেষ্ট হ্ৰাস পাইছে ।

একে সময়তে, এই তুষাৰপাতৰ ফলত আপেল খেতিয়কৰ মুখত হাঁহি বিৰিঙিছে । তুষাৰপাতৰ পিচত, পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে আশা কৰিছে যে প্ৰকৃতিৰ এই ৰূপ উপভোগ কৰিবলৈ বহু সংখ্যক পৰ্যটক তালৈ যাব । যাৰ দ্বাৰা তেওঁলোকক উপকৃত হ'ব । উল্লেখ্য যে বৰদিন আৰু নৱবৰ্ষত বহু সংখ্যক পৰ্যটক তুষাৰপাত উপভোগ কৰিবলৈ উত্তৰাখণ্ডলৈ ভ্ৰমণ কৰে । সেয়ে বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে এই তুষাৰপাত পৰ্যটন ব্যৱসায়ৰ বাবে ভাল লক্ষণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ মিচাউং: অন্ধ্ৰৰ উপকূলত সতৰ্কবাণী জাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.