Wild elephant terror in Majuli : গঁড়ৰ পাচত উজনি মাজুলীত বন্যহস্তীৰ ত্ৰাস

By

Published : Apr 11, 2023, 10:10 AM IST

thumbnail

মাজুলী, 11 এপ্ৰিল : সত্ৰ নগৰী মাজুলীত এইবাৰ বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild elephant in Majuli)। ফলত ভয় আৰু শংকাৰ মাজত দিন পৰা কৰিব লগাত পৰিছে উজনি মাজুলীৰ ৰতনপুৰ অঞ্চলবাসী ৰাইজে ৷ ইফালে উজনি মাজুলীত দিন-ৰাতি একাকাৰ কৰি বনকৰ্মীয়ে দিছে হাতীৰ পহৰা । এইক্ষেত্ৰত ৰতনুৰ অঞ্চলৰ স্থানীয় ৰাইজেও বনকৰ্মীসকলক সহায় কৰিছে ।

বিশেষকৈ ৰতনপুৰ, নপমুৱা, লাহন গাঁৱৰ সন্মুখৰ চাপৰিত বনৰীয়া হাতীয়ে খাই তহিলং কৰিছে ৰঙলাওকে ধৰি বিবিধ শস্য (Wild elephant terror in Majuli) । নিশা হ’লেই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰে চাৰিজনীয়া এটা বন্যহস্তীৰ জাকে । মাজুলীৰ বনকৰ্মীসকলে বনৰীয়া হাতীৰ বাবে দিনে-ৰাতিয়ে পহৰা দিছে যদিও মাজুলীত পৰ্যাপ্ত নহয় বনকৰ্মীৰ সংখ্যা ।

আজিৰ তাৰিখটো মাত্ৰ সিমিত সংখ্যক বনকৰ্মীয়ে চলি আছে মাজুলীৰ বনবিভাগটো । আনহাতে, উজনি মাজুলীত এফালে বন্যহস্তী আৰু আনফালে নামনি মাজুলীত বৰ্তমান গঁড়ৰ মুক্ত বিচৰণত অতিস্ত হৈ পৰিছে মাজুলীবাসী ৰাইজ ৷

লগতে পঢ়ক : Rhino terror in Majuli : গঁড়ৰ মুক্ত বিচৰণত মাজুলীত পুনৰ আতংক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.