Free health camp: গীতানগৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ - Free health camp organized by Gate Hospital
🎬 Watch Now: Feature Video
গুৱাহাটীৰ গেইট হাস্পতাল কৰ্তৃপক্ষই দেওবাৰে স্থানীয় ৰাইজৰ সহযোগত গীতানগৰ নাৰিকল বাৰিস্থিত চিলড্ৰেন পাৰ্কত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ অযোজন কৰে(Free health camp organized by Gate Hospital) । উক্ত শিবিৰত অংশগ্ৰহণ কৰা অৰ্ধ শতাধিক লোকক কেইবাগৰাকী অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ ৰক্তচাপ, হৃদৰোগ, মধুমেহ আদি ৰোগৰ পৰীক্ষা কৰাৰ লগতে অন্যান্য ৰোগৰ বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়(Free medicines provided in Geetanagar) । পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত গেইট হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠক, উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট হৃদ ৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত, ডাঃ হিৰামণি দাস ডাঃ মতিউৰ ৰহমান, ডাঃ জাহ্নৱী শৰ্মা, ডাঃ সুদ্বীপ ভৌমিক, সমাজকৰ্মী দিগন্ত চৌধুৰী, পাৰিষদ ৰত্না সিঙকে ধৰি কেইবাগৰাকী চিকিৎসাকৰ্মী উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:30 PM IST
TAGGED:
free health camp in guwahati