Foundation stone of road :একেদিনাই নুনমাটিত তিনিটা উপপথৰ আধাৰশিলা স্থাপন - Foundation stone of road

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 19, 2023, 5:35 PM IST

গুৱাহাটী, ১৯ জুলাই :গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৫৫ নং ৱাৰ্ডৰ ৩ টা উপপথ নিৰ্মাণৰ মঙলবাৰে আধাৰশিলা স্থাপন কৰা হয় । পঞ্চদশ কেন্দ্ৰীয় বিত্ত আয়োগৰ ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথকেইটাৰ আধাৰশিলা স্থাপন কৰে গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ তথা ৫৫ নং ৱাৰ্ডৰ পাৰিষদ মনোজ নাথে ।  

আধাৰশিলা স্থাপন অনুষ্ঠানৰ কাৰ্যসূচী অনুযায়ী মঙলবাৰে পুৱা ৯.৩০ বজাত নাৰায়ণ নগৰৰ পানী টেংকীৰ উপ পথ ,১০.৩০ বজাত গোপাল নগৰ শিৱপথ আৰু বিয়লি ৫ বজাত লুইত নগৰ ২ নং উপ পথৰ আধাৰশিলা স্থাপন কৰে পাৰিষদজনে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ ৱাৰ্ডটোৰ পাৰিষদ হিচাপে নহয় এজন পুত্ৰ হিচাপে অঞ্চলবাসীৰ কাম কৰি যাব বুলি উল্লেখ কৰে । বৰ্তমান এই ৱাৰ্ডটোত ১০ কোটি টকাৰ কাম চলি থকা বুলিও সভাত মন্তব্য কৰে মনোজ কুমাৰ নাথে ।

লগতে পঢ়ক:Poor Condition of NH 37: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থা; মেৰামতিৰ নামত ভেকোভাওনা বিভাগৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.