Foundation stone of Sri Krishna Temple: চেঙাত শ্ৰীকৃষ্ণ মন্দিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা - চেঙাত শ্ৰীকৃষ্ণ মন্দিৰৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 17, 2023, 3:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বৰপেটা জিলাৰ চেঙাৰ শ্ৰীকৃষ্ণ মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে মঙলবাৰে ভূমি পূজনেৰে আধাৰশিলা স্থাপন কৰা হয় (Foundation stone of Sri Krishna Temple in Chenga) । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ মন্দিৰৰ মাংগলিক কাৰ্যসূচীৰে মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে আমি নিমিত্তহে মাত্ৰ (Minister Ranjit Kumar Das) । যি হ'ব ওপৰৱালাৰ ইচ্ছা মতেহে হ'ব । 

অহা বৰ্ষৰ মাঘত ৰাইজৰ সহযোগত শ্ৰীকৃষ্ণ মন্দিৰটো শুভ উদ্বোধন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইফালে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভীষ্ম আৰু কৰ্ণৰ চৰিত্ৰৰ কথা উল্লেখ কৰি দান দিয়া আৰু ভক্তিৰ  বিষয়ে আলোকপাত কৰে ।  মন্ত্ৰীগৰাকীক সংগ দিয়ে চেঙা ৰাজহ চক্ৰৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱে । উল্লেখ্য় যে এই মন্দিৰটো নিৰ্মাণত ৭৫ লাখ টকা ব্যয় হ'ব ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.