Raid against illegal saw mills: বাক্সাৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান - বাক্সা জিলাৰ বৰমাৰ দীঘেলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 6:57 PM IST

বাক্সা, ৩ আগষ্ট : বাক্সাত অনুজ্ঞাপত্ৰবিহীনভাৱে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ কাঠ ফলা মিল ৷ গ্ৰাম্যাঞ্চলত অতি সংগোপনে এই কাঠ ফলা মিলসমূহ চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷ বিভিন্ন গাঁও তথা পাহাৰীয়া এলেকাৰ গছ ফালি কাঠৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে তেওঁলোকে ৷

বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাৰ দীঘেলীত বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ বন বিভাগৰ এটা দলে এক বিশেষ সূত্ৰৰ পম খেদি অবৈধভাৱে গঢ় লৈ উঠা এটা কাঠ মিল জব্দ কৰে ৷ বাক্সা জিলা বন বিভাগে আজি পুৱা আকস্মিকভাৱে চলাই এই অভিযান ৷ আজিৰে পৰা এই অভিযান আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে বন বিভাগে ৷

জিলাখনত আৰু বহুতো অবৈধ কাঠমিল আছে বুলি উল্লেখ কৰি জিলাখনত কোনো অবৈধ কাঠমিল ব্যৱসায়ী সাৰি যাব নোৱাৰে বুলি সকীয়নি দিয়ে বন বিষয়াই ৷ বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ বন বিভাগৰ ৰেঞ্জাৰ ৰজনী দৈমাৰীৰ নেতৃত্বত চলে এই অভিযান ৷ প্ৰতিটো অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলিব এই অভিযান ৷ অভিযানৰ সময়ত বন বিভাগৰ দলটোক সহায় কৰে বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমনি গোস্বামীয়ে ৷

লগতে পঢ়ক : Drugs disposed in Assam:বাক্সা জিলা আৰক্ষীয়ে দাহ কৰিলে ড্ৰাগছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.