Forest Department of Assam Government:আন এক বিশ্ব অভিলেখৰ দিশে অসম চৰকাৰৰ বন বিভাগ - অসম চৰকাৰে বিতৰণ কৰিব মুঠ এক কোটি গছপুলি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:05 PM IST

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : আন এক বিশ্ব অভিলেখৰ দিশে অসম । অসম চৰকাৰৰ বন বিভাগ সাজু হৈছে অভিলেখ গঢ়াৰ বাবে । অমৃত বৃক্ষ আন্দোলন উপলক্ষে আগন্তুক ১৭ ছেপ্টেম্বৰত অসম চৰকাৰে বিতৰণ কৰিব মুঠ এক কোটি গছপুলি । ইয়াৰ লগতেই সংগতি ৰাখি মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ সাজু কৰি তোলা হৈছে বিশ্ব অভিলেখৰ বাবে ।

৯ ছেপ্টেম্বৰত খানাপাৰাস্থিত খেলপথাৰত প্ৰদৰ্শিত হ’ব প্ৰায় ৩ লক্ষাধিক গছপুলি মজুদ থকা ২৪ কিলোমিটাৰ দীঘলীয়া শাৰী । প্ৰথমবাৰৰ বাবে সৃষ্টি হ’ব এনে বিশ্ব অভিলেখৰ । লগতে ১০ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ জনসাধাৰণক ২৪ ঘণ্টাৰ ভিতৰত বিতৰণ কৰা হ’ব এই গছপুলিসমূহ । এয়াও হ’ব আন এক বিশ্ব অভিলেখ । দুয়োটা বিশ্ব অভিলেখৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ।

লগতে পঢ়ক : PMAY in Assam : অসমত প্ৰধানমন্ত্রী আৱাস যোজনাৰ অনুমোদিত চাৰি লাখ ঘৰ এতিয়াও অসম্পূৰ্ণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.