thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:28 PM IST

ETV Bharat / Videos

Flood in lakhimpur: লখিমপুৰত পুনৰ বানৰ তাণ্ডৱ, বানত বুৰিল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী

লখিমপুৰ, ৯ অক্টোবৰ : বাৰিষা অন্ত পৰিলেও বানৰ তাণ্ডৱ শেষ হোৱা নাই লখিমপুৰত। ভদীয়া বানৰ সংহাৰৰ পাচত এইবাৰ জিলাখনত আহিনতো বানৰ দুৰ্যোগ ৷ কাকৈ নৈৰ বাঢ়নী পানীত বুৰিল বাট-পথ, ঘৰ-দুৱাৰ ।

বাৰিষাৰ পাচত ভদীয়া বানে একাধিক বাৰ ঠেকেচি যোৱা জিলাখনৰ কেতবোৰ অঞ্চলত আহিনতো চলিছে বানৰ তাণ্ডৱ। লখিমপুৰ নগৰৰ নাতি দূৰৈৰ এক কদম বাগান গাঁৱত আহিন মহীয়া বানৰ ভয়াবহ ৰূপ । কাকৈ নৈৰ বাঢ়নী পানীত কদম বাগান গাৱঁৰ প্ৰায় অৰ্ধশতাধিক বাসগৃহ প্লাবিত হোৱাৰ উপৰিও মূল পথত একঁকাল, এবুকু পানী । যাৰ ফলত বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

সোমবাৰে পুৱাৰ পৰা অঞ্চলটোত বানৰ মাজতে সকাম পাতিবলৈ বাধ্য হৈ পৰিছে বানাক্ৰান্তই ৷ বানৰ বাবে ৰাইজ সংকটত পৰাৰ উপৰি পশুখাদ্যৰ বাবে চৰম ভাবুকিৰ সৃষ্টি কৰিছে ৷ চৌদিশে পানীৰ বাবে পোহনীয়া জীৱ-জন্তুসমূহ ৰাখিবলৈ সমস্যা হৈছে। প্ৰশাসনৰ ফালৰ পৰাও বানাক্ৰান্ত অঞ্চলটোত কোনো সাহায্য নোপোৱাৰ অভিযোগ তুলিছে বানাক্ৰান্তই।

লগতে পঢ়ক: Amrit Kalash yatra controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰ দিব কংগ্ৰেছে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.