Flood victims protest : বঙাইগাঁৱত সাহায্যৰ পৰা বঞ্চিত বানাক্ৰান্তৰ প্ৰতিবাদ - Flood victims protest
🎬 Watch Now: Feature Video

ৰাজ্যৰ বানপৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও বহু স্থানত এতিয়া শিবিৰতে আশ্ৰয় লৈ আছে বানাক্ৰান্ত (Flood situation of Assam)। বানে বিধ্বস্ত কৰা ঘৰখনলৈ যাব পৰা নাই বহু লোক । ইয়াৰ মাজতে আকৌ একাংশ বানাক্ৰান্তই লাভ কৰা নাই চৰকাৰী সাহায্য । বান সাহায্যৰ ক্ষেত্ৰত দুই হাত খুলি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়াৰ পাছতো বঙাইগাঁও জিলাৰ গোলাপাৰাত দেখা গৈছে বিপৰীত ছবি । জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাপাৰাত বান সাহায্যৰ পৰা বঞ্চিত বানাক্ৰান্ত । যাৰ বাবে বানাক্ৰান্তই জন প্ৰতিনিধি আৰু প্ৰসাশনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে (Flood victims protest at Bongaigaon)। গোলাপাৰা প্ৰথম খণ্ডত বান সাহায্য বিতৰণৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিৱৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজতহে বান সাহায্য বিতৰণৰ অভিযোগ তুলিলে ৰাইজে । চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দি শীঘ্ৰেই তেওঁলোকৰ মাজত বান সাহায্য যোগান ধৰিবলৈ আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:24 PM IST