Flood in Nalbari: উফন্দি উঠিছে বুঢ়াদিয়া আৰু মৰা পাগলদিয়া নৈ - Pagladiya River in assam
🎬 Watch Now: Feature Video
নলবাৰী,২০ জুন: নামনি অসমত বানৰ সংহাৰ ৷ বানত ককবকাইছে সাধাৰণ জনতা ৷ বুঢ়াদিয়া আৰু মৰা পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাইছে নলবাৰী জিলাৰ ধৰ্মপুৰৰ কেইবাখনো গাওঁ ৷ বাঢ়নী পানীত ডুব গৈছে শ শ কৃষিভূমি ৷ ইফালে নৈ দুখনৰ বাঢ়নী পানীত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা মূল পথৰ ওপৰেদি হুৰা-হুৰে বাগৰিছে পানী ৷
ধৰ্মপুৰৰ নদলা বজাৰ, হীৰাপাৰা, মাজকুছি, নাকেৰবাৰী, কৈঠালকুছি , কুলবিল , সোনৰাকে ধৰি কেইবাখনো গাওঁ বানত প্লাবিত হৈছে ৷ বানাক্ৰান্তই এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে । এই পৰ্যন্ত ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বানাক্ৰান্ত লোকৰ খবৰ ল’বলৈ আহৰি নাই - এই অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
ইফালে খৰালি সময়ত বান্ধসমুহৰ লগতে মথাউৰিবোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত এনেদৰে প্ৰতিবছৰে দুৰ্ভোগ ভোগে ধৰ্মপুৰৰ ৰাইজে ৷ এই মন্তব্য ৰাইজৰ ৷
লগতে পঢ়ক :Kalaguru death anniversary: অসমৰ বিশ্ববিদ্যালয়ত কলাগুৰুৰ নামত আসন সংৰক্ষণৰ দাবী আছুৰ