Flood: বাক্সাত মৰা পাগলাদিয়াই চলাইছে ত্ৰাস - Assam flood
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2023/640-480-18822924-thumbnail-16x9-baksa.jpg)
বাক্সা, ২২ জুন: কেইবাদিনো ধৰি আহি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ উদ্ভৱ হৈছে বাক্সাতো ৷ মৰা পাগলাদিয়া নৈৰ সোঁতে মথাউৰি ছিঙি নিয়াত প্লাৱিত হৈছে বৰমা, নমাটি, নাথকুছিৰ বিভিন্ন অঞ্চলৰ পথাৰৰ লগতে বাট-পথ ৷ ধাৰাষাৰ বৰষুণৰ ফলত সেই ঠাইৰ লোকৰ কৃষক ৰাইজ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে ৷ কৃষকসকলে সিঁচা কঠিয়া কেইবাদিনো ধৰি পানীৰ ডুব গৈ থকাত বিনষ্ট হবলৈ ধৰিছে ৷ ইপিনে খাৰিফ শস্য সমূহো বিনষ্ট হ’ব ধৰিছে এই লৈ অসহায় কৃষকে মুৰে কপালে হাত দিছে ৷ এফালে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাৰেমুৰাৰ পৰা বাহিয়াপাৰালৈ যোৱা পথৰ পূৰ্বে ছিগি যোৱা এটা অংশ পানীৰ তলত থকাত সেই স্থানৰ লোকসকলে বিকল্প পথেৰে যাতায়াত কৰিবলগীয়া হৈছে ৷ ইপিনে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কদমতলচক-মুছলপুৰ পথৰ এটা অংশৰে পানী বাগৰি যোৱাত কদমতলচকৰ দোকান পোহাৰসমূহ ক্ষতিগ্ৰস্ত হয় ৷
লগতে পঢ়ক: Flood Situation in Assam: ৰাজ্যত বানত প্ৰথমগৰাকী লোকৰ মৃত্যু; প্ৰায় 5 লাখ লোক আক্ৰান্ত