Fishing Competition in Assam: শাৰদীয় উৎসৱৰ বতৰত ধেমাজিত বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:09 PM IST

thumbnail

ধেমাজি, ৯ অক্টোবৰ: শাৰদীয় উৎসৱৰ বতৰত ধেমাজি মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰত বিশাল বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্য অহা ২৮ অক্টোবৰত ধেমাজি মৌ- মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰত আয়োজন কৰা হৈছে বিশাল বৰশী বোৱা প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিৰ সম্পৰ্কত মৌ -মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰতে দেওবাৰে বিয়লি ধেমাজি মৌ-মাৰী ই’ক ফিছিং কম্পিটিছন আয়োজক সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷

এই সংবাদমেল যোগে পূৰ্বে নিৰ্ধাৰণ কৰা বিশাল বৰশী বোৱা প্ৰতিযোগিতাখনি ২৭ অক্টোবৰৰ পৰিৱৰ্তে ২৮ অক্টোবৰত অনুষ্ঠিত হ'ব বুলি উল্ল্খ কৰে । ধেমাজি জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বৰশী বাই ভাল পোৱা ব্যক্তিক এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছে ৷ এই প্ৰতিযোগিতাখনিত প্ৰথম বিজয়ী প্ৰতিযোগীয়ে আকৰ্ষণীয় নগদ ধনৰ পুৰস্কাৰসহ বাইক লাভ কৰিব । লগতে অন্যান্য ২৫ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীয়ে নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ।  

লগতে পঢ়ক:Assam youths attacked by Naga miscreant: চৰাইদেউৰ কাণু চাহ বাগিচাত নগা দুৰ্বৃত্তৰ গুলীত আহত দুই শ্ৰমিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.