thumbnail

By

Published : Mar 15, 2023, 9:22 PM IST

ETV Bharat / Videos

H3N2 Influenza: অসমত প্ৰথমগৰাকী H3N2 ভাইৰাচত আক্ৰান্ত ৰোগী চিনাক্ত

গুৱাহাটী, 15 মাৰ্চ: ৰাজ্যত প্ৰথমজন H3N2 ৰোগত আক্ৰান্ত ৰোগী চিনাক্ত (H3N2 patient in Assam) ৷ জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই (Dr Abhijit Sarma) সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে এই তথ্য ৷ প্ৰতিখন জিলালৈ জৰুৰীভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা ৷  

উল্লেখ্য যে, ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত H3N2 ভাইৰাচত (H3N2 Influenza) আক্ৰান্ত হৈ মৃত্যু হৈছে কেইবাগৰাকীও লোকৰ ৷ কিন্তু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে GMCHৰ অধীক্ষকগৰাকীয়ে ৷ জ্বৰ, কাহ তিনিদিনৰ ভিতৰত আৰোগ্য নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান ডাঃ অভিজিৎ শৰ্মাৰ (H3N2 virus detected in Assam) ৷ 

চিকিৎসা গৱেষণা পৰিষদ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে উল্লেখ কৰা মতে, এই ইনফ্লোৱেঞ্জা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে দীঘলীয়া সময়ৰ বাবে জ্বৰ, কাহত আক্ৰান্ত হয় ৰোগী। 

লগতে পঢ়ক: HSLC question paper leaked: প্ৰশ্নকাকত ফাদিলেৰে জড়িত 22 জনক আটক, 3 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.