Firing incident at Rupahi: ৰূপহীহাটৰ নাঙলধোঁৱাত গুলীচালনা: আহত এজন

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:22 PM IST

thumbnail

চামগুৰি,26 অক্টোবৰ : ৰূপহীহাটৰ নাঙলধোঁৱাত চাঞ্চল্যকৰ ঘটনা ৷ ইমৰাণ হুছেইন নামৰ এজন ব্যক্তিলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা ৷ ঘটনা অনুসৰি নাঙলধোঁৱাৰ পৰা বালিকাৰ দিশে বাইকেৰে গৈ আছিল ইমৰাণ ৷ তেনে সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা অৱস্থাত তিনি-চাৰিজনীয়া দুৰ্বৃত্তৰ দলে ইমৰাণলৈ লক্ষ্য কৰি তিনিজাঁইকৈ গুলীচালনা কৰে । ফলত আহত হয় ইমৰাণ ৷

গুলীচালনা কৰিয়েই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইফালে ঘটনাস্থলীৰ সমীপতে থকা এটা পৰিয়ালৰ বাসগৃহত দৌৰি গৈ প্ৰৱেশ কৰাতহে প্ৰাণৰক্ষা পৰে বুলি জানিবলৈ দিছে ভুক্তভোগী ইমৰাণে ।

এই ঘটনাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে । আনহাতে আহত ইমৰাণক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উক্ত গুলীচালনাৰ ঘটনাক ডকাইতৰ গেং ৱাৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজৰে ৷ ইমৰাণৰ একাংশ প্ৰাক্তন সতীৰ্থ ডকাইতে উক্ত কাণ্ড সংঘটিত কৰা বুলিও একাংশ লোকে সন্দেহ কৰিছে ৷

লগতে পঢ়ক:Illegal liquor : চুলাই মদক কেন্দ্ৰ কৰি ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.