দাউ দাউকৈ জ্বলিল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:01 PM IST

thumbnail

ৰঙিয়া, 2 জানুৱাৰী : নতুন বছৰৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত অঘটন সংঘটিত হৈছে । দাউ দাউকৈ জ্বলিল ৰঙিয়াৰ সমীপৰ তুলসীবাৰীৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ এখনৰ পিচত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত হয় ।

এই ঘটনাৰ পিচতে স্থানীয় ৰাইজে পানী, বালি চটিয়াই জুই নিৰ্বাপন কৰিব চেষ্টা কৰে যদিও তেওঁলোকে অগ্নি নিৰ্বাপন কৰিব নোৱাৰে ৷ ইফালে এই ঘটনাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও প্ৰায় ডেৰ ঘণ্টাৰ পিচত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । যাৰ ফলত কাপোৰ দোকান, ফাৰ্নিচাৰ হাউচ, হোটেলকে ধৰি প্ৰায় চাৰিখনকৈ দোকান জুইত জাহ যায় । 

জানিব পৰামতে এই অগ্নিকাণ্ডৰ ফলত কাপোৰ দোকানখনৰ 19 লাখ আৰু আন তিনিখন দোকানৰ 10 লাখ টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে । পুৱাৰ ভাগত হোটেলত চাহ বনাই থকা অৱস্থাত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে ।

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত হিংসাত্মক ঘটনাত নিহত ৪

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.