Fire incident: চকুৰ সন্মুখতে জ্বলি ছাই হ’ল মৰমৰ ঘৰখন - চকুৰ সন্মুখতে জ্বলি চাই হ’ল মৰমৰ ঘৰখন
🎬 Watch Now: Feature Video


Published : Nov 10, 2023, 2:13 PM IST
বিহপুৰীয়া, 10 নৱেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিকিৰাই আউনিবৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । সবিলাল শৰ্মা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্টচাৰ্কিট অথবা গেছ চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত দুই নাতিয়েকৰ সৈতে সবিলাল শৰ্মা নামৰ লোকজন ঘৰতে আছিল। আনহাতে পুত্ৰ পৰিয়ালৰ সৈতে কৰ্মসূত্ৰে কন্যাকুমাৰীত থাকে । এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি অনিষ্ট হোৱাৰ আশংকা স্থানীয় ৰাইজ তথা গৃহস্থৰ ৷
এই ঘটনাৰ পিচতে এতিয়া শোকত ভাঙি পৰিছে ঘৰৰ গৃহস্থগৰাকী ৷ নিজ বাসস্থান হেৰুৱাই দিক-বিদিক হেৰুৱাইছে ভুক্তভোগীগৰাকীয়ে ৷