Fire in Goalpara: গোৱালপাৰাৰ ধুমেৰঘাটত বিধ্বংসী অগ্নিকাণ্ড - গোৱালপাৰাৰ ধুমেৰঘাটত বিধ্বংসী অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 10:47 PM IST

গোৱালপাৰা, ১৩ মে':গোৱালপাৰা ধুমেৰঘাটত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত তিনিখনকৈ দোকান ভস্মীভূত (Fire in Goalpara)। পোন্ধৰ লাখ টকাৰ সা-সামগ্রী জুইত জাহ গৈছে। শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ডত সংঘটিত হোৱাৰ সন্দেহ।

ফৰহাদ আলী,ছেকান আলী আৰু আব্দুছ ছামাদৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । উল্লেখ যে, শনিবাৰে পুৱতি নিশা হঠাৎ এখন দোকান দাউদাউকৈ জুই জ্বলি উঠে । জুইৰ লেলিহান শিখাই কেইবাটাখনো দোকান ছানি ধৰে । পুৱতি নিশা নামাজ পৰিবলৈ উঠা এজন লোকে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে দুখনকৈ কাপোৰৰ দোকান আৰু এখন ম’বাইল ফোনৰ দোকান জুইত জাহ যায় ।

লগতে পঢ়ক:Karnataka Poll Update: সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.