thumbnail

By

Published : May 28, 2023, 8:36 PM IST

ETV Bharat / Videos

Moving vehicle caught fire: বঙাইগাঁৱত ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন

বঙাইগাঁও,২৮ মে': বঙাইগাঁৱৰ অভয়াপুৰীৰ দেওহাটীত ভয়ংকৰ ঘটনা । অভয়াপুৰীৰ দেওহাটীত ৰাষ্ট্ৰীয় ঘাইপথতে দাউ দাউ কৈ জ্বলি উঠিল চাৰিচকীয়া বাহন (Fire in Bongaigaon) । কথমপি প্ৰাণ ৰক্ষা ৪ জনকৈ যাত্ৰীৰ । দেওহাটীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা (Fire breaks out in moving vehicle on highway in Bongaigaon)।

AS 19S 4282 নম্বৰৰ XUV300 চাৰিচকীয়া বাহনখন বৰপেটা জিলাৰ কান্দুলীয়াৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত হঠাতে জ্বলি উঠে (Fire breaks out in moving vehicle) । ঘটনা সংঘটিত হোৱাৰ পাচতেই সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ । ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে । যান্ত্ৰিক বিজুতিৰ বাবে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ গাড়ীখনৰ স্বত্বাধিকাৰীৰ । 

লগতে পঢ়ক: Alcoholic police: পুৱাই লালমাতিত এটুপি ধৰি ঢলং-পলং আৰক্ষী জোৱান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.