Fire incident at Lakhimpur: জুইত জাহ গ’ল ভূৱন ৰাজপুতৰ সম্পূৰ্ণ বাসগৃহ - টুনিজানত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা
🎬 Watch Now: Feature Video
Published : Sep 4, 2023, 9:04 AM IST
লখিমপুৰ, 4 ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত টুনিজানত দেওবাৰে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত ভূৱন ৰাজপুত নামৰ এজন ব্যক্তিৰ ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ চকুৰ সন্মুখতে আপোন ঘৰটো ধ্বংসস্তূপত পৰিণত হোৱাত দিশহাৰা হৈ পৰিছে এতিয়া পৰিয়ালটো ৷ কিন্তু কেনেকৈ এই জুইৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷
বিৱৰণি অনুসৰি, দেওবাৰে দিনৰ ভাগত কোনো কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল ভূৱন ৰাজপুতৰ পৰিয়ালটো ৷ তেনেতে হঠাৎ জুইৰ সূত্ৰপাত হয় উক্ত ঘৰটোত ৷ এই কথা গম পাই চুবুৰীয়াই খবৰ দিয়ে ভূৱন ৰাজপুতক ৷ কিন্তু নিমিষতে ছাঁই হৈ যায় ঘৰটো ৷
ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় যদিও জুই নিৰ্বাপিত হোৱালৈকে ঘৰৰ সকলো সামগ্ৰী পুৰি ছাঁই যায় ৷ উপায়ন্তৰ হৈ এতিয়া ভুক্তভোগী পৰিয়ালটোৱে পঞ্চায়ত কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিচাৰিছে সহায় ৷
লগতে পঢ়ক : Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ