Massive Fire at Guwahati: বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

By

Published : Jul 30, 2023, 10:11 AM IST

thumbnail

গুৱাহাটী, 30 জুলাই: মহানগৰীৰ বৰ্ষাপাৰাত নিশা ভয়াৱহ অগ্নিকাণ্ড । নিশা প্ৰায় 8.30 মান বজাত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখত সংঘটিত হোৱা হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷ এটা ৰঙৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড । 

ৰঙৰ গুদামত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষ কৰাৰ পিচতেই সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় হুৱা দুৱা পৰিস্থিতিৰ । পিছত মহানগৰীৰ বিভিন্ন স্থানৰ 6 খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰিত হয় যদিও বৰ্তমান পৰ্যন্ত স্পষ্টকৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ । 

গুদামটোৰগৰাকী সন্দীপ গিৰি বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত ৰঙৰ গুদামটোৰ কেইবাকোটি টকাৰ ৰং জুইত জাহ যায় বুলি জানিবলৈ দিয়ে গুদামটোৰ স্বত্বাধিকাৰীয়ে ।

লগতে পঢ়ক : Manipur crisis: অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.