Fire at Chamata: নলবাৰীৰ চামতাত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Oct 17, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

নলবাৰী জিলাৰ চামতাৰ বালিপথাৰত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Chamata)। অগ্নিকাণ্ডৰ ফলত জাহ গ'ল এখন ৰেষ্টুৰেন্ট । চামতা বলিপথাৰ চকৰ (fire in Chamta Balipathar Chowk) বিতুমনি ৰেষ্টুৰেন্টখনত সংঘটিত হয় এই অগ্নিকাণ্ডটো । চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ৰেষ্টুৰেন্টখনৰ গৰাকীয়ে । উক্ত ৰেষ্টুৰেন্টখনৰ গৰাকী পংকজ তালুকদাৰে উল্লেখ কৰা মতে, 2 টা চিলিণ্ডৰ আছিল । ইয়াৰে এটা চিলিণ্ডাৰ বিস্ফোৰিত হৈ জুয়ে নিমিষতে আগুৰি ধৰে ৰেষ্টুৰেন্টখন । জুইৰ লেলিহান শিখাই নিমিষতে ৰেষ্টুৰেন্টখন আৱৰি ধৰে । পৰৱৰ্তী সময়ত নলবাৰীৰ অগ্নিনিৰ্বাপক বাহিনী (Nalbari fire brigade rushed to Spot) ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.